Saturday, 11 January 2020

সংসাৰী পুজা(গোৰ্খা জনগোষ্ঠীৰ এক অন্যতম প্ৰকৃতি কেন্দ্ৰীক উৎসৱ)

সংসাৰী পুজা(গোৰ্খা জনগোষ্ঠীৰ এক অন্যতম প্ৰকৃতি কেন্দ্ৰীক উৎসৱ)

 গোৰ্খা জনগোষ্ঠীৰ লোকসকলে বহাগ মাহৰ  শনিবাৰৰ দিনা পালন কৰা এক পৰম্পৰাগত উৎসৱ হৈছে সংসাৰী পুজা য'ত প্ৰকৃতি আৰু কুল, গ্ৰামদেবতাৰ আৰাধনা কৰা হয়। এই প্ৰকৃতিয়ে আমাক দিয়া জীৱনৰ প্ৰতি সম্মান তথা শ্ৰদ্ধা জনাই সম্পূৰ্ণ গ্ৰাম্য নিতি নিয়মৰ মাধ্যমত এই পুজা সম্পন্ন কৰা হয়। এই পুজাৰ ওজায়ে পুজাৰী কৰে যাক গোৰ্খা ভাষাত ধামী বুলি কোৱা হয়। 
 বিশেষকৈ এই পুজাত গ্ৰাম্য আৰু তান্ত্ৰিক নামেৰে আৰাধনা কৰা হয় সংসাৰী মাইক যেনে गोरैया बाबा, बंदी माय, सोखा बाबा, कारिख, सलहेस, दीना भदरी, बह्रम बाबा, गिहल, विषहरा, ইত্যাদি ।
সংসাৰী মাইৰ পুজাৰ মূল উদ্দেশ্য অথবা গোৰ্খা সমাজত থকা মান্যতা অনুসৰি সামাজিক শান্তি, বেমাৰৰ প্ৰতিৰোধ সংসাৰী মাইহে কৰিব পাৰে বুলি এক বিশ্বাস আছে । প্ৰকৃতিয়ে দিয়া এই মানব শাৰিৰীক সুস্থ কৰি ৰাখিবলৈ এদিন প্ৰকৃতিক ধন্যবাদ জ্ঞাপন কৰা দিন হিচাপেও সংসাৰী পুজা অৰ্থাৎ সংসাৰৰ(প্ৰকৃতি) পুজা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে কৰে । 
গাওঁক সামূহিক ভাবে একলগ কৰি একেলগে এসাজ প্ৰসাদ হিচাপে সকলো মিলি ভোজ আয়োজন কৰা হয় সংসাৰী পুজাত য'ত সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি চাওল আৰু পুজা সামগ্ৰীৰৰ জোগাড় দিয়ে। 
বিশেষকৈ সংসাৰী মাইৰ পুজা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে নিজৰ মুল আৰু কুল দেবীৰ আৰাধনা হিচাপে কৰে।  গোৰ্খা সম্প্ৰদায়ৰ  সংসাৰী পুজাৰ ক্ষেত্ৰত যদি অনুসন্ধান কৰা হয় তেন্তে এক সাংস্কৃতিক আৰু ভাৱাত্মক গাম্ভিৰ্যতা দেখা যাব এই পুজাৰ ক্ষেত্ৰত । গোৰ্খা সমাজত থকা আন এক মান্যতায়ে সমাজক সংসাৰী পুজা কৰিবলৈ বাধ্য কৰায় সেয়া হ'ল "" কুল দেৱতাৰ অৰ্থাৎ সংসাৰী মাই বা প্ৰকৃতিকৰ যদি অবহেলা বা অসন্তুষ্ট কৰা হয় তেন্তে সমাজে মাত্ৰাধিক অৰ্থ আৰু ভৌতিক বিনাসৰ তাণ্ডব দেখা পাব "" এই পুৰণি হ'লেও এক নবিনত্ম বিশ্বাসৰ কাৰণেও যিমান আধুনিকতা বৃদ্ধি পালেও গোৰ্খা সম্প্ৰদায়ে আজিও সংসাৰী পুজা পাহৰি যোৱা নাই আৰু প্ৰত্যেক বছৰৰ ব'হাগ মাহৰ এটা শনিবাৰৰ দিনা সংসাৰী পুজাৰ আয়োজন গোৰ্খা সমাজে কৰি আহিছে এক উৎসৱ অথবা পৰম্পৰাগত মান্যতাৰ আধাৰত ।

No comments:

Post a Comment

परिचय

गोर्खा दर्पण छाया

गोर्खा दर्पण छायाको उद्देश्य भारत तथा विश्व भरिनै छरियेर बसेका गोर्खा हरुको एक हुने मञ्च हो, जस्मा साहित्य, समाचार लगायत अन्य अनेको समसामयिक...