Wednesday, 15 January 2020

অসমীয়া গোৰ্খাসকলৰ ঐতিহাসিক দস্তাবেজ

   অসমীয়া গোৰ্খাসকলৰ ঐতিহাসিক দস্তাবেজ

             সংগ্ৰাহক - ৰাজেন্দ্ৰ ৰাজু দাহাল 

                                বৰছলা , শোণিতপুৰ



১৮১৫ চনত স্বাক্ষৰিত সোগৌলী সন্ধি মতে চুবুৰিয়া ৰাষ্ট্ৰ নেপালে ৫০ হজাৰ বৰ্গ কিলোমিটাৰ ভূ-ভাগ বৃটিছ চৰকাৰক এৰি দিব লগিয়া হৈছিল ৷ সেই অনুসাৰে এই ঠাইত বসবাস কৰা গোৰ্খাসকল ভাৰতীয় হৈ পৰিছিল ৷ তাৰোপৰি পৰাক্ৰমি আৰু নিপুন যোদ্ধা গোৰ্খাসকলৰ সাহস দেখি বিভিন্ন সময়ত অসমৰ সীমা সুৰক্ষা আৰু আভ্যন্তৰিণ আইন শৃংখলা বজাই ৰাখিৱলৈ অধিকাংশ গোৰ্খা সকলক Assam Light Infantry , Gorkha Rifles , Cachar Levy Frontier Policeত অন্তৰ্ভুক্ত কৰাইছিল ৷ ১৮৬৩ চনত সীমা আৰক্ষীৰ তিনিটা বেটেলিয়ান গঠন কৰি কোহিমা , ডিব্ৰুগঢ় আৰু শিলচৰত থকা হেড কোৱাৰ্টৰ অধিনত অসমৰ বিভিন্ন অঞ্চলত গোৰ্খাসকলক নিয়োগ কৰিছিল ৷ তাহানিৰে পৰা তেখেতসকলে নিজৰ সতি সন্তানৰ সৈতে বংসানু ক্ৰমিকভাবে সেই ঠাইত বসবাস কৰি আহিছে ৷
     অসমৰ পৰা মানক খেদিৱলৈও গোৰ্খাসকলৰে অৱদান আছে বুলি ইতিহাসৰ পৃষ্ঠাত সোনালি আখৰেৰে লিখা আছে ৷ ইতিহাসৰ প্ৰতিটো পাত লুটিয়াই ছালে কামৰুপ ৰাজ্যত গোৰ্খাসকলৰ বসতিস্থল অত্যন্ত বৃহৎ আছিল বুলি তথ্য পোৱা যায় ৷ অসমীয়া জ্যেষ্ঠ সাহিত্যিক ডা° মহেশ্বৰ নেওগৰদ্বাৰা সম্পাদিত " কনকলাল বৰুৱা , অসমৰ প্ৰাথমিক পৰ্য্যায়ৰ ইতিহাসবিদ" ( studies in the Early History of Assam , edited by Dr. Maheswar Neog , 1973 , p- 8) নামৰ কিতাপত মোৰ্য বংশৰ শেষৰ পিনে আৰু গুপ্ত বংশ মধ্য সময়ত নেপালৰ বহুতো অঞ্চল কামৰুপ ৰাজ্যৰ অধিনত থকাৰ প্ৰমান পোৱা যায় ৷
    ভৱানীপুৰৰ গোপাল আাতাৰ প্ৰিয় শিষ্য আৰু মোৱামাৰা বৈষ্ণৱ ধৰ্মৰ মূখ্য গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ(১৫৫৩-১৬২৬)ৰ পূৰ্ব পুৰুখসকল নেপাল দেশৰ ভক্তপুৰ নামৰ ঠাইত থকাৰ তথ্য 'ভূধৰ দাসৰ' 'মোৱামাৰা বৈষ্ণৱ ধৰ্মৰ জিলিঙনি' কিতাপৰ ২নং পৃষ্ঠাত উল্লেখ আছে ৷
  ১৮৭২ চনত ভাৰতবৰ্ষত আৰম্ভ কৰা লোকপিয়ল অনুসৰি সৈই সময়ত অসমত প্ৰায় 1635 গোৰ্খা সম্প্ৰদায়ৰ লোক আাছিল ৷ 'Planter Raj to Swaraj' নামৰ কিতাপ(১৯১৯-২০)ৰ ১৩নং পৃষ্ঠাত অসমৰ সাহিত্যিক গৱেষক ডা° অমলেন্দু গুহয়ে কয় যে " The overwhelming bulk of this cattle again belonged to six thousand and nineteen professional graziers of whom , excepting a few hundred , all were Nepali graziers."
     বৃহত্তৰ কামুৰুপ অধিৰাজ্যত বংশানুক্ৰমিক ভাৱে আজন্মৰে পৰা বসোবস কৰি আহা গোৰ্খাসকলক ষোল্ল শতিকাত জন্ম গ্ৰহন কৰা নেপাল ৰাষ্টৰ সৈতে সম্পৰ্ক দেখুৱাব খুজি বিভিন্ন সময়ত এচামলোকে অতিজৰে পৰা অসমঅতিজৰে পৰা অসম মাতৃৰ হকে প্ৰাণ আহুতি দিয়াৰ লগতে অসমৰ যিকোনো ক্ষেত্ৰতো অস্মৰণীয় অবদান আগবঢ়োৱা গোৰ্খা জাতিৰ বলিদান আৰু ত্যাগৰ প্ৰতি প্ৰশ্ন কৰাৰ লগতে বৃহৎ অসমীয়া জাতি সত্তাৰ এনাজৰি চিঙাৰো ষড়যন্ত্ৰ ৰচে ৷

  জয় গোৰ্খা
জয় আই অসম



No comments:

Post a Comment

परिचय

गोर्खा दर्पण छाया

गोर्खा दर्पण छायाको उद्देश्य भारत तथा विश्व भरिनै छरियेर बसेका गोर्खा हरुको एक हुने मञ्च हो, जस्मा साहित्य, समाचार लगायत अन्य अनेको समसामयिक...