নতুন চিন্তাৰে প্ৰভাৱিত যুৱ প্ৰজন্ম আৰু সমাজ ব্যৱস্হা
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
সময় পৰিৱৰ্তনশীল । সময়ৰ পৰিৱৰ্তনৰ লগে-লগে সমাজ ব্যৱস্হা , মানুহৰ চিন্তাধাৰা , আচাৰ-ব্যৱহাৰ সকলোবোৰ পৰিৱৰ্তন হব ধৰে। কাৰণ মানুহৰ চিন্তাধাৰাবোৰ পৰিৱেশ আৰু পৰিস্হিতি সাপেক্ষেহে গঢ়ি উঠে । পৰিৱৰ্তনৰ এই পথেৰে আহি আহি সময়ে আজি আধুনিক যুগত ভৰি দিছেহি , য'ত বিজ্ঞান প্ৰযুক্তিৰ জয়জয়কাৰে অসম্ভৱ শব্দটোক অৰ্থহীন কৰি তুলিছে । আধুনিকতাই মানুহক আধুনিকভাৱে চিন্তা - চৰ্চা কৰিবলৈ , আধুনিক আৰু উন্নতভাৱে জীৱন যাপন কৰিবলৈ শিকাইছে। এই পৰিৱৰ্তন আৰু আধুনিকতাৰ কবলতেই পৰি আজিৰ যুৱপ্ৰজন্মৰ চিন্তাধাৰাবোৰ আগতকৈ ভিন্ন আৰু ব্যতিক্ৰমী হব ধৰিছে ,তেওঁলোক যেন বহু ক্ষেত্ৰত পৰম্পৰাৰ বিৰোধী আৰু নতুনত্বৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। সেয়ে আজি বৌদ্ধিক মহলত চৰ্চাৰ মূল বিষয়বস্তু হিচাপে স্হান পাইছে ' নতুন চিন্তাৰে প্ৰভাৱিত যুৱ প্ৰজন্ম আৰু সমাজ ব্যৱস্হা'।
অসম তথা ভাৰতবৰ্ষৰ সমাজ ব্যৱস্হাৰ এক সবল ঐতিহ্য আছে। বিভিন্ন ৰীতি- নীতি আৰু পৰম্পৰাৰ দোলেৰে বান্ধ খাই আমাৰ সমাজ ব্যৱস্হাটো গঠিত হৈছে । জন্মলগ্নৰে পৰা আমাৰ সমাজৰ নিদিষ্ট নীতি-নিয়ম , বিচাৰ ব্যৱস্হা , পৰিচালনাৰ ব্যৱস্হা, পৰম্পৰা আদি আছে । সমাজৰ যিকোনো সমস্যাৰ ওপৰত ৰাইজে সমবেত হৈ বিচাৰ- বিবেচনাৰে সিদ্ধান্ত লয় আৰু উৎসৱ পাৰ্বনো একেলগে উদযাপন কৰে। এইধৰণেই সময়ৰ ধুমুহাক নেওচি যুগে যুগে আমাৰ সমাজ ব্যৱস্হা চলি আহিছে । কিন্তু একবিংশ শতিকাৰ সাম্প্ৰতিক প্ৰেক্ষাপটত আধুনিক চিন্তাৰে প্ৰভাৱিত যুৱ প্ৰজন্মৰ বাবে সমাজৰ পৰম্পৰা, ৰীতি - নীতি মানি জীৱনটোক অতিবাহিত কৰাটো যেন প্ৰত্যাহ্বান হৈ পৰিছে। কাৰণ তেওঁলোকে জীৱনটোক নিজে বিচৰা ধৰণে, মুক্তভাৱে অতিবাহিত কৰিব বিচাৰে, বান্ধোন তেওঁলোকৰ বাবে যেন অসহ্যকৰ। সেইবাবেই ভিন্ন সময়ত যুৱ প্ৰজন্মসকল সমাজত প্ৰচলিত বহুতো পৰম্পৰা আৰু ৰীতি- নীতিৰ বিৰুদ্ধে থিয় দিয়া দেখা যায় । ইয়াকে লৈ সচেতন মহলত যথেষ্ট চৰ্চা হব ধৰিছে আৰু তাৰ মাজতেই দুই চাম লোকৰ সৃষ্টি হৈছে । তাৰে এচামৰ মতে , যুৱপ্ৰজন্মসকলে সমাজৰ পৰম্পৰাবোৰক এৰি বৈজ্ঞানিক চিন্তাধাৰাৰে নিজক গঢ়িব লাগে। আনহাতে , অন্য এক চামৰ মতে যুৱপ্ৰজন্মসকলে সমাজৰ পৰম্পৰাক ত্যাগী জীৱন অতিবাহিত কৰাটো অনুচিত। বৈজ্ঞানিক চিন্তাধাৰা আৰু পৰম্পৰা দুয়োটা চিন্তাধাৰাৰ মাজেৰেহে নিজক গঢ়িব লাগে । এইদৰে সমাজত যুৱপ্ৰজন্মসকলৰ জীৱন প্ৰণালীক লৈ দুই পৰস্পৰ বিৰোধী চামৰ জন্ম হোৱা দেখিবলৈ পোৱা গৈছে আৰু দুয়ো নিজৰ নিজৰ স্হান আৰু যুক্তিত শুদ্ধ বুলি নিজক প্ৰতিপন্ন কৰিব বিচাৰে।
চৌপাশে উন্নয়ন আৰু প্ৰতিযোগিতাৰ বতাহ বলা এই উন্নত শতিকাৰ বাসিন্দা হৈ এইধৰণৰ বিষয়ত বিতৰ্ক কৰাটো সময়োপযোগী নহয় যদিওঁ জৰুৰী হৈ পৰিছে। আধুনিক চিন্তাধাৰা , পৰম্পৰা , সমাজ ব্যৱস্হা , যুৱপ্ৰজন্ম এই সকলো বিষয়ৰ ওপৰত সৃষ্টি হোৱা বিতৰ্ক সমস্যাৰ সমাধানৰ উপায় হিচাপে আমিবোৰে এক নতুন জীৱনৰ পাতনি মেলিব লাগিব , নিজক সলনি কৰি যোগাত্মকভাৱে প্ৰতিষ্ঠা কৰিব লাগিব । যাৰ নাম 'প্ৰাসংগিক জীৱন '। অৰ্থাৎ যুৱ প্ৰজন্মসকলে সময়ৰ আৰু পৰিৱেশৰ প্ৰাসংগিকতাৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱনটোক অতিবাহিত কৰিব লাগিব । সমাজত প্ৰচলিত ৰীতি - নীতি , পৰম্পৰাৰ ভিতৰত যিবোৰ প্ৰাসংগিক তথা প্ৰয়োজনীয় , যাৰ জৰিয়তে সমাজৰ লগতে নিজৰো উন্নয়ন সাধন কৰিব পাৰি তেনে পৰম্পৰাক আঁকোৱালি লব লাগে আৰু যিবোৰ পৰম্পৰা আৰু ৰীতি- নীতি অবৈজ্ঞানিক , মানৱতা আৰু উন্নয়নৰ বিৰোধী সেইবোৰক ত্যাগ কৰি বৈজ্ঞানিক প্ৰাসংগিক চিন্তাধাৰাৰে নিজক গঢ়ি তুলিব লাগে । তেনে কৰিলেহে সমাজ আৰু যুৱ প্ৰজন্ম উভয়ে উপকৃত হব , দেশৰ বাবে সুবাৰ্তা আহিব।
'প্ৰাসংগিক জীৱন' ত যুৱপ্ৰজন্মসকলে সমাজৰ ৰীতি- নীতি আৰু নিজৰ চিন্তাধাৰাৰ মাজত প্ৰাসংগিক চিন্তাধাৰাক উপলব্ধি কৰিব লাগিব আৰু তাক হৃদয়ংগম কৰি জীৱনত বাস্তবায়িত কৰিব লাগিব । যেনে সমাজত প্ৰচলিত বিভিন্ন অন্ধ বিশ্বাস , বৰ্ণবৈষম্য আদিবোৰ অপ্ৰাসংগিক , সেয়ে এইবোৰক ত্যাগ কৰিব লাগে আৰু বিভিন্ন প্ৰাসংগিক বৈজ্ঞানিক চিন্তাধাৰাবোৰক আঁকোৱালি লব লাগে । তেতিয়াহে সমাজত উন্নয়ন সম্ভৱ । আধুনিক চিন্তাৰে প্ৰভাৱিত যুৱ প্ৰজন্মসকলে এটা কথাক গুৰুত্বসহকাৰে লোৱাটো উচিত যে , তেওঁলোকৰ আধুনিক জীৱনে যাতে সমাজৰ মানদণ্ড হ্ৰাস নকৰে। অৰ্থাৎ সৰুৱে -ডাঙৰক সন্মান কৰা, পিতৃ- মাতৃক সন্মান কৰা, বয়োজেষ্ঠসকলক সন্মান কৰা, শিক্ষাগুৰু সকলক সন্মান কৰা , ডাঙৰে-সৰুক মৰম কৰা, সমাজ পৰিচালনাৰ নিদিষ্ট নিয়ম-নীতিক পালন কৰা এই সকলোবোৰ সমাজৰে এক ৰীতি, বিষয়বস্তু । যিয়ে সমাজৰ মানদণ্ডক উচ্চ শিখৰত ৰাখে, সমাজক জীয়াই ৰাখে । কিন্তু দেখিবলৈ আৰু শুনিবলৈ পোৱা যায় যে আধুনিকতাৰ কবলত পৰি বহু যুৱ প্ৰজন্মই বহু ক্ষেত্ৰত সৰু -ডাঙৰ , বয়োজেষ্ঠ এইসম্পৰ্কবোৰ যেন নমনা হৈছে, সন্মান কৰিব নজনা হৈছে, কেৰেপ নকৰা হৈছে । এই কেৰেপ নকৰাৰ নীতিৰ কবলত পৰি নৈতিকতাহীনতাত যুৱপ্ৰজন্ম ভুগিব লগা হৈছে , সমাজৰ মানদণ্ড হেৰাই যাব ধৰিছে । গতিকে , যুৱপ্ৰজন্ম সকলে আধুনিক আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ মাজতো এইক্ষেত্ৰত সচেতন হোৱাতো অত্যন্ত প্ৰয়োজন । কেৰেপ নকৰাৰ নীতিৰ বলি হৈ সমাজত বিশৃংখল সৃষ্টি কৰাৰ পৰা বিৰত থাকিব লাগিব।
আচল কথাটো হ'ল, সাম্প্ৰতিক সময়ত যুৱপ্ৰজন্মসকলে নিজকে দায়িত্বশীল হিচাপে গঢ়ি তুলি সমাজৰ প্ৰত্যেকটো বিষয়বস্তুৰ ওপৰত বৈজ্ঞানিক চিন্তাধাৰাৰ মাজেৰে প্ৰাসংগিকতাক হৃদয়ংগম কৰি আগবাঢ়ি যাব লাগে । তেতিয়াহে , সমাজৰ লগতে যুৱপ্ৰজন্ম সকলৰ উন্নয়ন সাধন সম্ভৱ। ইয়াৰ বাবে প্ৰয়োজন, প্ৰাসংগিক জীৱনৰ উপলব্ধি। যাৰ জৰিয়তে সমাজৰ প্ৰত্যেকটো বিষয় বস্তুৰ প্ৰাসংগিকতা আৰু অপ্ৰাসংগিকতাৰ ওপৰত বিবেচনা কৰি আগবাঢ়িব পাৰে। এই কথাক হয়তো বহুতে বিভিন্ন যুক্তিৰে নস্যাৎ কৰিব পাৰে কিন্তু প্ৰকৃত সত্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে । সত্য সদায়েই সত্য । সমাজক জীয়াই ৰাখিবলৈ হলে , যুৱ প্ৰজন্মসকলক উন্নয়নৰ দিশত এখোজ আগুৱাই নিবলৈ হলে , দেশক প্ৰগতিৰ দিশত আগুৱাই নিবলৈ হলে নিজৰ চিন্তাধাৰাক সলনি কৰি এক নতুন জীৱনৰ পাতনি মেলাটো অত্যন্ত জৰুৰী হৈ পৰিছে , সেয়াই হৈছে " প্ৰাসংগিক জীৱন"।
দেখা যায় যে যুৱপ্ৰজন্মসকল অনৈতিক দিশত আগবাঢ়ি যোৱা বুলি সমালোচনা বহুতে কৰে , কিন্তু তাৰ সমাধাৰ প্ৰকৃত পথ দেখুওৱাই দিয়াৰ ক্ষেত্ৰত কোনো আগবাঢ়ি নাহে। মনত এটা প্ৰশ্ন হয় যে সমালোচকসকলে যুৱপ্ৰজন্মসকল সৎ দিশত আগবাঢ়ি যোৱাৰ বাবে তেওঁলোকে সামাজিক পৰিৱেশক সেইঅনুসাৰে গঢ় দিছেনে? যদি দিছে তেতিয়াহলে সমালোচনাৰ প্ৰয়োজন ক'ত? গতিকে যুৱপ্ৰজন্মসকলক সমালোচনাৰ লক্ষ্য কৰি লোৱাতকৈ কিদৰে চীন, জাপান আদি দেশৰ দৰে যুৱপ্ৰজন্ম সকলক সঠিক দিশত ব্যৱহাৰ কৰিব পাৰি , মানৱ সম্পদ হিচাপে গঢ় তুলিব পাৰি তাৰ ওপৰতহে অধিক গুৰুত্ব আৰূপ কৰিব লাগে । তেতিয়াহে , সামগ্ৰিক উন্নয়ন সম্ভৱ। দেশৰ উন্নয়ন সম্ভৱ । কাৰণ , যুৱচাম দেশ আগবঢ়াৰ এক ইন্ধনস্বৰূপ।
কাৰোবাক সমালোচনা কৰা নতুবা অন্তৰত আঘাত হনাৰ লক্ষ্য মোৰ নাই, সদায়েই সমালোচনাৰ পাত্ৰ হৈ থকা যুৱপ্ৰজন্মসকল আগবাঢ়ি যোৱাকৈ আধুনিক আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ মাজেৰে আমাৰ সমাজ ব্যৱস্হা গঢ়ি উঠক , যুৱপ্ৰজন্মৰ লগতে দেশৰো উন্নয়ন সাধন হওঁক , সেয়াহে মোৰ প্ৰধান লক্ষ্য। আধুনিক যুগৰ যুৱক হিচাপে সদায়েই প্ৰাসংগিকতা আৰু অপ্ৰাসংগিকতাৰ ওপৰত ভিত্তি কৰি সমাজক নতুন ধৰণে চিন্তা কৰিবলৈ চেষ্টা কৰো। গতিকে, উন্নয়নৰ বাবে আমি সকলোৱে সময়োপযোগী চিন্তাৰে আগবাঢ়িব লাগিব এৰা-ধৰাৰ মাজেৰে।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
No comments:
Post a Comment